ডাউনলোড
মোবাইল এপ

android apple
signal

বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত ৭ হাজাৰ ২০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰে’ল, পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্রধানমন্ত্রীয়ে লগতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজেন্দ্ৰ নগৰ, দভাংগা, ভগলপুৰ আৰু মতিহাৰী ৰে’ল ষ্টেচনৰ পৰা চাৰিখনকৈ নতুন অমৃত ভাৰত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে’লকেইখনে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক দেশৰ আন অংশৰ সৈতে সংযুক্ত কৰিব। আজি অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্রী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং, ছিৰাগ পাছোৱান, উপ-মুখ্যমন্ত্ৰীদ্বয় সমাজ চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ লগতে ভালেকেইগৰাকী ৰাজ্যমন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত থাকে।

শ্ৰী মোদীয়ে আজি মতিহাৰীৰ গান্ধী ময়দানত এখন জনসভাতো ভাষণ দিব। ৰাজ্যখনৰ পথ, আন্তঃগাঁথনি সুদৃঢ়কৰণৰ উদ্দেশ্যে প্রধানমন্ত্ৰীয়ে ৩১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰা বাইপাছক চাৰিটা লেনযুক্ত বাইপাছলৈ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে আবাস যোজনা গ্রামীণৰ ১২ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশৰ অংশ হিচাপে একাংশ হিতাধিকাৰীক ঘৰৰ ছাবি প্ৰদান কৰিব আৰু ৪০ হাজাৰ হিতাধিকাৰীলৈ ১৬০ কোটিৰো অধিক টকা মোকলাই দিব। ইয়াৰ পাছত পশ্চিমবংগত প্রধানমন্ত্ৰীয়ে ৫ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত তেল আৰু গেছ, শক্তি, পথ আৰু ৰে’ল খণ্ডৰ প্ৰকল্প আছে। তেওঁ লগতে এখন জনসভাতো ভাষণ দিব। শ্রীমোদীয়ে এই ভ্ৰমণ কালত টপ্‌চি আৰু পশ্চিম বর্ধমানৰ পাণ্ডৱেশ্বৰত সেতু ভাৰতম কাৰ্যসূচীৰ অধীনত ৩৮০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা দুখন পথ অভাৰব্ৰীজ মুকলি কৰিব। এই পথ অভাৰব্ৰীজ দুখনে ৰে’লৱে লেভেল ক্ৰছিঙত দুৰ্ঘটনা ৰোধ কৰাৰ লগতে যাত্ৰীৰ আহ-যাহত সহায় কৰিব।