ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰিছে। আয়োগে এটা বিবৃতিযোগে কৈছে যে এনে ভোটদাতাসকলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা ৫ দিনৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ৰিটার্ণিং বিষয়াৰ ওচৰত ১২-ঘ প্ৰপত্ৰ দাখিল কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি নিৰ্বাচনৰ দিনা অত্যাৱশ্যকীয় সেৱাৰ দায়িত্বত নিয়োজিত ভোটদাতাসকলেও সংশ্লিষ্ট বিভাগৰ নিৰ্দিষ্ট নডেল বিষয়াৰ জৰিয়তে পোষ্টেল বেলট সুবিধাৰ বাবে আবেদন কৰিব পাৰিব বুলি আয়োগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।