ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি কালি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাধিস্থলত পুৱাৰে পৰা স্মৃতিচাৰণ সভা, সৰ্বধৰ্ম প্ৰাৰ্থনা, গীত-নৃত্যৰ অনুষ্ঠান আদি অনুষ্ঠিত হয়। ইপিনে দীঘলীপুখুৰীৰ পাৰত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিস্থলীতো সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাই ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।
যোৰহাট অভিযানন্ত্রিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত কালি মহাবিদ্যালয়ত ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বার্ষিকী পালন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই শিল্পীজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানত শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰে। শিৱসাগৰৰ দিখৌ পৰিয়া সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সহযোগত কালি সন্ধিয়া ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথিত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে অনুষ্ঠানত কেইবাগৰাকী ব্যক্তিয়ে শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।