December 28, 2025 8:58 PM | biswanath eviction

printer

বিশ্বনাথ জিলাৰ বাঘমাৰীত ভি জি আৰ ভূমিত জিলা প্রশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ জিলাৰ বাঘমাৰীত আজি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্ৰশাসনে আজি ন্যায়ালয়ৰ বিবেচনাধীন ৬৮ টা পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী ৬৬৪ টা পৰিয়ালৰ বাসগৃহত শান্তিপূর্ণভাৱে উচ্ছেদ চলায়।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।