ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্বনাথ জিলাত আৱণ্টন দিয়া চৰকাৰী গৃহসমূহৰ নিৰ্মাণ কাৰ্য ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশ

প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ অধীনত বিশ্বনাথ জিলাত আৱণ্টন দিয়া গৃহসমূহৰ নিৰ্মাণ কাৰ্য অহা ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এখন বৈঠকত নির্দেশ দিয়ে ৷ জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ লগতে অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, পর্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। তেঁও কয় যে জিলাখনত ৮৫ হাজাৰতকৈ অধিক গৃহৰ আৱণ্টন দিয়া হৈছিল আৰু ইয়াৰ ভিতৰত ৫০ হাজাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। বাকী থকা গৃহসমূহৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ শ্ৰীদাসে নিৰ্দেশ দিয়ে। তেওঁ কয় যে জিলাখনৰ প্ৰায় ৯৫ হাজাৰ মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। তেওঁলোকক শীঘ্ৰে লাখপতি বাইদেউ হিচাপে ৰূপান্তৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। এই বৈঠকত বিধায়ক প্রমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱাল আৰু জিলা আয়ুক্ত সীমান্ত দাসৰ উপৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।