ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 13, 2024 6:28 PM | Akashvani News | Assam

printer

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ মৃত্যু

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জাৰ্মানীৰ ব’চামৰ ৰুৰ বিশ্ববিদ্যালয় আৰু কল্যাণী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা ড০ চৌধুৰী এগৰাকী প্ৰসিদ্ধ অজৈৱ ৰসায়নবিদ হিচাপে দেশ বিদেশত পৰিচিত আছিল। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ লগতে দেশৰ কেইবাখনো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৬০ চৌধুৰীয়ে অধ্যাপকৰূপে সেৱা আগবঢ়াইছিল। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত বিজ্ঞানী প্রয়াত চৌধুৰীয়ে ১৯৮৯ চনত শান্তিস্বৰূপ ভাটনাগৰ বঁটাকে ধৰি বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত হৈছিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা আৰু উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা উল্লেখনীয় আছিল।চৌধুৰীৰ মৃত্যুত অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই শোক প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰয়াত চৌধুৰীয়ে অসমৰ উচ্চ শিক্ষাৰ বিকাশত অতুলনীয় অৰিহণা আগবঢ়াই থৈ গৈছে। তেওঁৰ মৃত্যু ৰাজ্য আৰু দেশৰ বাবে অপূৰণীয় ক্ষতি। অধ্যাপক মিহিৰকান্তি চৌধুৰীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, তেজপুৰ বিশ্ববিদ্যালয় সমাজৰ লগতে ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে।