December 22, 2025 7:44 PM | Cricket | SPORTS | T20

printer

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০ খেল অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব। দেশ দুখনৰ মাজৰ পাচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰি আছে। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত প্রথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে।