ডাউনলোড
মোবাইল এপ

android apple
signal

বিভিন্ন বিভাগত কৰ্মৰত বহুকেইগৰাকী প্রশাসনিক বিষয়াক সালসলনি

■ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত বহুকেইগৰাকী প্রশাসনিক বিষয়াৰ সালসলনি ঘটাইছে। কৰ্মচাৰী বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি এক্ট-ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ সচিব তথা অসম ঔদ্যোগিক উন্নয়ন নিগম, এ আই ডি চিৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্বত থকা মানবেন্দ্র প্রতাপ সিঙক পূৰ্বৰ দায়িত্বৰ পৰা আঁতৰাই মীন বিভাগৰ সচিব আৰু অসম পৰিবহণ আয়ুক্তৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত তথা পৰিবহণ আয়ুক্তৰ অতিৰিক্ত দায়িত্বত থকা মেঘনিধি দাহালক এ আই ডি চিৰ পৰিচালন সঞ্চালন হিচাপে বদলি কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব ড০ এম এছ লক্ষ্মীপ্ৰিয়াক গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত হেমাংগ নৱীছক কাছাৰৰ অতিৰিক্ত জিলা আয়ুক্ত পদলৈ সলনি কৰি এই দায়িত্বৰ পৰা ড০ ধ্ৰুৱজ্যোতি হাজৰিকাক গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তৰ পদলৈ বদলি কৰা হৈছে। অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক তথা মীন আৰু আবকাৰী বিভাগৰ আয়ুক্ত আৰু সচিব ৰাকেশ কুমাৰক এই দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছে। ইপিনে অসম আৰক্ষীৰ সকলো আৰক্ষী অধীক্ষকৰ পদবী জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নামকৰণৰ বাবে গৃহ বিভাগে অধিসূচনা জাৰি কৰিছে। এই সন্দৰ্ভত যোৱা ৫ জুনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত প্ৰস্তাৱ গৃহীত হৈছিল। এই অনুসৰি সকলো জিলা আৰক্ষী অধীক্ষক, চি আই ডি, বি আই ই অ, বিশেষ শাখা, তদাৰকী আৰু দুর্নীতি প্রতিবোধ শাখা, সীমান্ত শাখা, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব থকা অগ্নি আৰু জৰুৰী সেৱা আৰু বিদেশী আঞ্চলিক পঞ্জীয়ন কার্যালয়ৰ আৰক্ষী অধীক্ষকসকলক জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নতুন নামকৰণ কৰা হৈছে। অধিসূচনাত উল্লেখ কৰা অনুসৰি সম্প্ৰতি আৰক্ষী অধীক্ষকৰ পদবীত থকা বিষয়াসকলে ৰাজ্যৰ আৰক্ষীৰ ইউনিফৰ্মৰ ৰীতি অনুসৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ প্রতীক পৰিধান কৰিব। উল্লেখযোগ্য যে ৰাজ্যত নতুনকৈ গঠন কৰা সমজিলাৰ আৰক্ষী প্ৰশাসনৰ মুৰব্বীক সমজিলা আৰক্ষী অধীক্ষক হিচাপে নামকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ আৰক্ষী অধীক্ষকসকলৰ পদবীৰ নতুন নামকৰণ কৰাটো প্রয়োজনীয় বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল।

অধিক পঢ়ক

সকলো চাওক