বিভাগীয় বিষয়াসকলৰ সৈতে খৰাং সদৃশ পৰিস্থিতিৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাৰ আলোচনা

● ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কালি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত পর্যালোচনা বৈঠকত তেওঁ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে পি. এম. কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, আৰ. আই. ডি. এফকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অধীনৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি আৰু ৰূপায়ণৰ সবিৱেশ পৰ্যালোচনা কৰে। তদুপৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ দ্বাৰা কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ লগতে নৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। ৰাজ্যৰ প্ৰতিখন জিলাত অধিক সম্ভাৱনা থকা শস্যসমূহ চিনাক্ত কৰি কৃষকক প্ৰয়োজনীয় বীজ সময়মতে যোগানৰ বাবেও মন্ত্ৰী শ্ৰীবৰাই বিষয়াসকলক নির্দেশ দিয়ে। এই বৈঠকত কৃষি বিভাগৰ সঞ্চালক ডাঃ উদয় প্রবীণ, সচিব তেজপ্ৰসাদ ভূষালৰ লগতে ভালেসংখ্যক বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।