ডাউনলোড
মোবাইল এপ

android apple
signal

August 8, 2025 8:09 PM | AASU Protest

printer

বিদেশী ন্যায়াধীকৰণত ছটা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তত আছুৰ প্ৰতিবাদ

বিদেশী ন্যায়াধীকৰণত ছটা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদ জনাই আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী ৰূপায়ন কৰে। মৰিগাওঁ জিলা ছাত্ৰ সন্থাই আজি মৰিগাঁও চহৰত এই কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ  বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদী সমদল উলিয়াই শ্লোগান দিয়ে। ডিব্ৰুগড় জিলাতো আজি সংগঠনটোৰ আহ্বানমৰ্মে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বত ডিব্ৰুগড়ৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যৰ আন কেইবাখনো জিলাত আজি সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই আজি গুৱাহাটীৰ উজানবজাৰৰ শ্বহিদ ভৱনৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। অসম চৰকাৰে বিদেশী ন্যায়াধীকৰণত ছটা ধৰ্মৰ লোকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধিতা কৰি দুই শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে প্ৰতিবাদত অংশ লয়। এই নিৰ্দেশ বাতিল নকৰিলে পৰৱৰ্তী সময়ত প্ৰতিবাদ তীব্ৰ  কৰি তোলা হ’ব বুলি সংগঠনটোৱে প্ৰকাাশ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত ৰাজ্যখনলৈ অহা বিদেশী লোক যি ধৰ্মৰে নহওক কিয় কিয় তেওঁলোক উভতি যাব লাগিব। ধৰ্মৰ নামত বিদেশীক ভাগ কৰা নীতি মানি লোৱা নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।