ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি বিয়লি ৪ বজাত সামৰণি পৰিছে। আজি পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান হোৱা বুলি অসম ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিছে। অৱশ্যে সকলো ভোটগ্রহণ কেন্দ্ৰৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছত এই সংখ্যা আৰু বাঢ়িব পাৰে বুলি কোৱা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত আবেলি ৩.৩০ বজালৈকে ৭০.৬৮ শতাংশ ভোটগ্রহণ হয়। পর্বতঝোৰা সমষ্টিত ৭৫.৪৩ শতাংশ আৰু যমদুৱাৰ সমষ্টিত ৭৫.১৬ শতাংশ ভোটদান হয়। বাক্সা জিলাত বিয়লি ৩.৩০ বজালৈ ৫৭.৫৮ শতাংশ, তামুলপুৰ জিলাত বিয়লি ৩.৩০ বজালৈকে প্ৰায় ৬৫ শতাংশ আৰু চিৰাং জিলাত বয়লি ৩.৩০ বজালৈকে প্ৰায় ৭০ শতাংশ ভোটদান হয়। ভোটগ্ৰহণৰ সময়ছোৱাত কোনো ঠাইৰ পৰা কোনো অপ্রীতিকৰ ঘটনা ঘটাৰ বাতৰি এতিয়ালৈকে পোৱা হোৱা নাই৷ এইবাৰ নিৰ্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২৬ লাখ ৫৮ হাজাৰ ১৫৩ গৰাকী ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। উল্লেখযোগ্য যে, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱে গয়বাৰী আৰু দোতমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। বি পি এফৰ মুৰব্বী তথা প্রাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দেৱৰ গাঁও আৰু চিৰাং দুৱাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে।