ডাউনলোড
মোবাইল এপ

android apple
signal

বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা

● বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আটাইকেইটা ৰাজনৈতিক দলে পর্যায়ক্রমে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত প্ৰচাৰে বিশেষত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্রোহো আৰম্ভ হৈছে। মিত্ৰদল ইউ পি পি এলৰ সৈতে বন্ধুত্বপূর্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰা বুলি ঘোষণা কৰা বিজেপিয়ে কালি সন্ধিয়া ২৮ জনীয়া দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি এখন সংবাদমেলযোগে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰাৰ লগতে আজি বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি সদৰি কৰিছে। সভাপতি শ্ৰীশ‍ইকীয়াই প্ৰকাশ কৰা মতে দলৰ নিৰ্বাচন সমিতিয়ে বিটিআৰৰ প্ৰতিটো সমষ্টিত বিজেপিৰ সাংগঠনিক শক্তি, জয়ৰ সম্ভাৱনা, ৰাজনৈতিক দৃষ্টিকোণ তথা সমীকৰণৰ সকলো কথা বিবেচনা কৰি প্ৰথমখন প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰে।

কংগ্ৰেছ দলে কালি পুনৰ ৯টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলটোৱে ইতিমধ্যে ৪০টা সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰি তেওঁলোকৰ নাম ৰাজহুৱা কৰিছে।
ইপিনে ইউ পি পি এল দলে কালি ১৬টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা ১৮ জন প্রার্থীকে ধৰি বৰ্তমানলৈকে মুঠ ৩৬ জন প্রার্থীৰ নাম ঘোষণা কৰিছে। অসম গণ পৰিষদ দলেও কালি বিটিআৰ নিৰ্বাচনৰ ৪টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ
কৰিছে।
বিপিএফে কালি সন্ধিয়া দলৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। এই তালিকা অনুসৰি ১৪ নম্বৰ চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে বিটিআৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন কাইলৈ অন্ত পৰিব। ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰাৰ পাছতে বিটিআৰত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ বিৰুদ্ধে দলীয় কৰ্মকৰ্তাৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। টিকট বঞ্চিত একাংশই দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি ইতিমধ্যে বিদ্রোহ ঘোষণা কৰিছে।