বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ বাদুলীপাৰা আৰু দিহিৰাত বিজয় সংকল্প সভাত অংশ লয়

বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ বাদুলীপাৰা আৰু দিহিৰাত বিজয় সংকল্প সভাত অংশ লয়। ড০ শৰ্মাই বি টি আৰত বিগত চাৰি বছৰত শান্তি-সম্প্ৰীতি বিৰাজ কৰিছে বুলি উল্লেখ কৰি অঞ্চলটোত বিজেপি চৰকাৰ গঠন হ’লে সকলো নাগৰিককে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে। এই সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি বিজেপিৰ কেইবাগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বাক্সা জিলাৰ ভলুকামুৰীত এখন পকী দলং উদ্বোধন কৰে। ডেকাদং নৈৰ ওপৰত নিৰ্মাণ কৰা ভলুকামুৰী আৰু জৰাবাৰী সংযোগী এই নৱনিৰ্মিত দলংখনে জিলাখনৰ যাতায়াত ব্যৱস্থা উন্নয়নৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দলং উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, মন্ত্রী উর্খাও গৌড়া ব্রহ্ম আৰু পাৰিষদ মণ্টু বৰুৱাই সংগ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।