ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত দুটা দিন বাকী

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে ইউ পি পি এল, বিৰোধী দল কংগ্ৰেছ, বি পি এফ, অসম গণ পৰিষদে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা আৰু জমদুৱাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।
বাক্সা জিলাৰ ভলুকামুৰীত ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে বিটিআৰ প্ৰধান বড়োৱে মদাহী জনগোষ্ঠীৰ সৈতে মত বিনিময় কৰে।