ডাউনলোড
মোবাইল এপ

android apple
signal

বিটিচিৰ নিৰ্বাচনৰ বাবে প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচিৰ নিৰ্বাচনৰ বাবে জিলা কেইখনৰ প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। ৰাজনৈতিক দলসমূহেও দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তামুলপুৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আজি জিলাখনৰ বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্রিজাইডিং আৰু প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণত জিলা আয়ুক্তই প্ৰশিক্ষাৰ্থীসকলক নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰচেষ্টা গ্রহণ কৰিবলৈ আহ্বান জনায়৷
বাক্সা জিলাত আজি বিটিআৰৰ মুৰববী প্রমোদ বড়োৱে প্ৰচাৰ চলায়। তেওঁ শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশ লয়।
ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিত আজি বিজেপিৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। এই কাৰ্যসূচীত দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে অংশ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।