ডাউনলোড
মোবাইল এপ

android apple
signal

বিজ্ঞান প্রশাসকৰ বাবে বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙৰ

কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙে বিজ্ঞান প্রশাসকসকলৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে প্ৰস্তুত কৰি উলিওৱা এটা বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। শ্রীসিঙে এই পদক্ষেপক অতিকৈ প্ৰয়োজনীয় আৰু প্ৰভাৱশালী বুলি মন্তব্য কৰি এই প্ৰশিক্ষণ কাৰ্যসূচী অসামৰিক সেৱাৰ প্ৰশিক্ষণ প্ৰণালীৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দিয়ে। দেশৰ বৈজ্ঞানিক অগ্ৰগতিৰ বাবে মানৱ সম্পদৰ সামৰ্থ বৃদ্ধি অতিকৈ প্ৰয়োজনীয় উপাদান বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়। এই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে বিজ্ঞান প্রশাসকসকলক বিকশিত ভাৰত নিৰ্মাণৰ দিশত ভৱিষ্যতে নেতৃত্ব লব পৰাকৈ সাজু কৰি তোলা হ’ব বুলিও তেওঁ উল্লেখ কৰে।