ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি ধলাই বিধানসভা সমষ্টিত উপ নির্বাচনৰ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ এন এম পি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী সভাত অংশ লৈছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ্গৰাকীৰ হৈ পালাংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত নির্বাচনী সভাত ভাষণ দিব। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ কেন্দ্ৰীয় নেতা জিতেন্দ্র সিঙে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক খলিলউদ্দিন মজুমদাৰকে ধৰি কংগ্ৰেছৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। বিধানসভাত বিধোৰী পক্ষৰ নেতা তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শ‍ইকীয়াই কালি বঙাইগাঁও সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ্গৰাকীৰ হৈ চিৰাঙৰ বৈখুন গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। নেতাগৰাকীয়ে এইবাৰ বঙাইগাঁও সমষ্টিত কংগ্ৰেছে এইবাৰ ভাল ফলাফল দেখুৱাব বুলিও আশা প্রকাশ কৰে। ইপিনে, এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে ৰাজ্যখনৰ আসন্ন উপ-নিৰ্বাচনত ধৰ্ম নিৰপেক্ষ প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আহ্বান জনাইছে। নেতাগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইদৰে আহ্বান জনায়। উল্লেখযোগ্য যে এ আই ইউ ডি এফে উপ নির্বাচনত প্রার্থী প্ৰক্ষেপ কৰা নাই।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।