বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ কালি সামৰণি পৰে। এই ভ্ৰমণ কালত দলটোৱে জাৰ্মানীৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্ব, নীতি প্ৰনেতা আৰু চিন্তাবিদসকলৰ আগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় আৰু নীতিগত স্থিতিৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ভাৰত-জাৰ্মানীৰ কৌশলগত সম্পৰ্কৰ শক্তিশালীকৰণটো গুৰুত্ব আৰোপ কৰা হয়। প্রতিনিধি দলটোৱে বার্লিনত দেশখনৰ চৰকাৰ আৰু সংসদৰ জ্যেষ্ঠ প্রতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতি আৰু সীমান্তৰে হোৱা সন্ত্ৰাসবাদ নির্মূল কৰাৰ বাবে গ্ৰহণ কৰা কৌশলৰ বিষয়ে অৱগত কৰে। প্ৰতিনিধি দলটোৱে সন্ত্ৰসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ বিষয়ে অৱগত কৰায়। প্রতিনিদি দলটোৱে বিদেশ নীতি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সক্ৰিয় জার্মান সংসদৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে আগশাৰীৰ চিন্তাবিদ কনৰাড এডেনায়ৰ ষ্টিফটাঙৰ সৈতে মত বিনিময় কৰে। প্ৰতিনিধি দলটোৱে দেশখনত থকা ভাৰতৰ ৰাষ্ট্রদূত অজিৎ গুপ্তাই আয়োজন কৰা অভ্যর্থনা অনুষ্ঠানত দেশখনৰ চিন্তাবিদ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনা কালত সন্ত্রাসবাদ বিৰোধী অভিযানৰ ক্ষেত্ৰত পাৰমাণৱিক ভাবুকিক গুৰুত্ব দিয়া উচিত নহয় বুলিও মন্তব্য কৰে।
এই আলোচনাত অংশগ্ৰহণ কৰা জাৰ্মানীৰ বিশিষ্ট ব্যক্তিসকলে ভাৰতৰ স্থিতিক সমৰ্থন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ঐক্যবদ্ধভাৱে চলোৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰে। তেওঁলোকে লগতে উভয় দেশৰ কৌশলগত অংশীদাৰিত্বক দৃঢ় কৰাৰ অংশ হিচাপে প্ৰতিৰক্ষা, নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত ভাৰত আৰু জাৰ্মানীৰ সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰতিনিধি দলটোৱে দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হয়। ৰবিশংকৰ প্ৰসাদে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰবাসী ভাৰতীয়সকলে দেশৰ প্ৰতি আগবঢ়োৱা সমর্থনৰ প্ৰশংসা কৰে।
Site Admin | June 8, 2025 11:54 AM | Jarmany | operation sindoor 7th unit of all party members Foreign Country visit
বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ সামৰণি
