ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাই ছৌগাত-এ-মোদী শীৰ্ষক এটা অভিযান আৰম্ভ কৰিছে। ঈদৰ পূৰ্বে সমগ্ৰ দেশৰে অনগ্ৰসৰ ৩২ লাখ মুছলমান পৰিয়ালক বিশেষ উপহাৰৰ টোপোলা বিতৰণ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। অৱহেলিত মুছলমান পৰিয়ালসমূহে যাতে কোনো অসুবিধা নোহোৱাকৈ উৎসৱ উদযাপন কৰিব পাৰে তাক সুনিশ্চিত কৰাই এই অভিযানৰ মূল উদ্দেশ্য। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জামাল ছিদ্দিকে কয় যে পৱিত্ৰ ৰমজান মাহৰ লগতে সমাগত ঈদ, গুড ফ্রাইডে, ইষ্টাৰ, বৈশাখী, নৱৰোজ আৰু নতুন বছৰৰ সময়ছোৱাত সংখ্যালঘু মৰ্চাই এই অভিযানৰ জৰিয়তে দুখীয়া লোকসকলৰ কাষ চপাৰ প্ৰয়াস কৰিব। তেওঁ কয় যে এই অভিযানৰ অংশ হিচাপে ৩২ হাজাৰ সংখ্যালঘু মৰ্চা কৰ্মীয়ে ৰাষ্ট্ৰজুৰি ৩২ হাজাৰ মছজিদৰ সৈতে সহযোগিতাৰে কাম কৰিব। কালি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু সংখ্যালঘু মৰ্চাৰ দায়িত্ববাহী নেতা দুৰ্য্যন্ত কুমাৰ গৌতমে ছোগাত-এ-মোদী অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী হজৰত নিজামুদ্দিন এলেকাত এই বিশেষ উপহাৰৰ টোপোলা বিতৰণ কৰে। এই কাৰ্যসূচীত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্রীছিদ্দিকীয়ে তেওঁক সংগ দিয়ে।
Site Admin | March 26, 2025 7:34 PM | Saugat-e-Modi
বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ছৌগাত-এ-মোদী শীৰ্ষক অভিযান আৰম্ভ
