ভাৰতৰ তাৰকা খেলুৱৈদ্বয় বিৰাট কোহলী আৰু ৰোহিত শর্মাই কালি চলিত বৰ্ষৰ বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো দিনতে শতক অৰ্জন কৰে। প্ৰতিযোগিতাত দিল্লীৰ হৈ খেলপথাৰত নমা বিৰাট কোহলীয়ে কালি বেংগালুৰুৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ উৎকর্ষতা কেন্দ্ৰত থকা প্ৰথমখন খেলপথাৰত বেংগালুৰুৰ বিৰুদ্ধে ২৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ১০১টা বলত ১৩১ ৰানৰ ইনিংছ খেলে। খেলখনত প্রিয়াংশ আৰ্য আৰু নীতিশ ৰানায়ো দিল্লীৰ হৈ অর্ধশতক অৰ্জন কৰে। দিল্লীয়ে খেলখনত ৪ উইকেটত বিজয় সাব্যস্ত কৰে। একেদৰে জয়পুৰৰ ছাৱাই মানসিং স্টেডিয়ামত মুম্বাই আৰু ছিকিমৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত ৰোহিত শৰ্মাই মুম্বাইৰ হৈ ৯৪টা বলত ১৫৫ ৰান সংগ্ৰহ কৰে। ৰোহিতৰ এই ইনিংছৰ সুবাদত ২৩৭ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰা মুম্বাইয়ে ৮ উইকেটৰ ব্যৱধানত ছিকিমক পৰাস্ত কৰে।
ইপিনে বিহাৰে ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিতীয় সর্বাধিক দলীয় স্কৰৰ ইতিহাস গঢ়িছে। প্ৰতিযোগিতাত কালি ৰাঁচিৰ জে এছ চি এ অভেল খেলপথাৰত অনুষ্ঠিত প্লেট গ্ৰুপৰ এখন খেলত বিহাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ৫৭৪ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ বৈভৱ সূর্যবংশীয়ে ৮৪টা বলত ১৯০ ৰান কৰে। বিহাৰৰ অধিনায়ক ছকিবুল গনিয়ে মাত্র ৪০টা বলত ১২৮ ৰান কৰি আউট নোহোৱাকৈ থাকে। দলটোৰ আয়ুষ ল’হাৰুকায়ো ১১৬ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত অৰুণা প্রদেশে মাত্র ১৭৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায় আৰু বিহাৰে ৩৯৭ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰে।
প্রতিযোগিতাৰ আন এখন খেলত কালি কর্ণাটকে ঝাৰখণ্ডক ৫ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ বি গ্ৰাউণ্ডত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ঝাৰখণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ৪১২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক ঈষাণ কিষাণে ৩৯টা বলত ১২৫ ৰানৰ বৰঙণি আগবঢ়ায়। ঝাৰখণ্ডৰ বিৰাট সিং আৰু কুষাগ্ৰায়ো অর্ধশতক অৰ্জন কৰে। প্ৰত্যুত্তৰত কৰ্ণাটকে দেৱদূত পাডিকাল্লৰ ১৪৭ ৰানৰ সহায়ত বিজয় লক্ষ্য সহজে অতিক্ৰম কৰে।
Site Admin | December 25, 2025 11:25 AM | Vijay Hazare Trophy
বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো দিনত বিৰাট কোহলী আৰু ৰোহিত শর্মাৰ শতক অৰ্জন