December 25, 2025 11:25 AM

views 37

বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো দিনত বিৰাট কোহলী আৰু ৰোহিত শর্মাৰ শতক অৰ্জন

ভাৰতৰ তাৰকা খেলুৱৈদ্বয় বিৰাট কোহলী আৰু ৰোহিত শর্মাই কালি চলিত বৰ্ষৰ বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো দিনতে শতক অৰ্জন কৰে। প্ৰতিযোগিতাত দিল্লীৰ হৈ খেলপথাৰত নমা বিৰাট কোহলীয়ে কালি বেংগালুৰুৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ উৎকর্ষতা কেন্দ্ৰত থকা প্ৰথমখন খেলপথাৰত বেংগালুৰুৰ বিৰুদ্ধে ২৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ১০১টা বলত ১৩১ ৰানৰ ইনিংছ খেলে। খেলখনত প্রিয়াংশ আৰ্য আৰু নীতিশ ৰানায়ো দিল্লীৰ হৈ অর্ধশতক অৰ্জন কৰে। দিল্লীয়ে খেলখনত ৪ উইকেটত বিজয় সাব্যস্ত কৰে। একেদৰে জয়পুৰৰ ছাৱাই মানসিং...