বিজয়ৱাড়াত অনুষ্ঠিত ৮৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত আজি ঋত্বিক সঞ্জীৱি এছ বিজয়ী হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ বি. ৰাঘৱক ২১-১৬, ২২-২০ পোনপটীয়া গেমত পৰাস্ত কৰে। ঋত্বিকে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শীর্ষ বাছনি কিৰণ জৰ্জ ২১-১৬, ১৭-২১ আৰু ২২-২০ গেমত পৰাস্ত কৰি ফাইনেলত প্ৰবেশ কৰিছিল।
পুৰুষৰ ডাবলছৰ ফাইনেলত এ হৰিহৰণ আৰু ৰুবেন কুমাৰে, মিথিলেশ কৃষ্ণণ আৰু প্ৰেজানক ২৪-২২, ২১-১৭ গেমত পৰাস্ত কৰি বিজয়ী হয়।
মহিলাৰ ডাবলছত পূৰ্বৰ চেম্পিয়ন শিখা গৌতম আৰু অশ্বিনী ভাট কেৰ যুটীয়ে প্রিয়া দেৱী কঞ্জেংবান আৰু শ্ৰুতি মিশ্ৰৰ যুটীক ২১-১৪, ২১-১৮ পোনপটীয়া গেমত পৰাস্ত কৰি খিতাপ দখল কৰে।
মিক্সড ডাবলছত সাত্বিক ৰেড্ডী কে আৰু ৰাধিকা শৰ্মাই অশীথ সূর্যা আৰু অমৰুথা পিক ২১-৯, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰি খিতাপ দখল কৰে।