পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খাব পৰা এখন ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নৈতিক প্ৰমূল্যৰ সৈতে সংযুক্ত শক্তিশালী শিক্ষা ব্যৱস্থা আৰু ৰাষ্ট্ৰক লৈ গৌৰৱৰ ভাৱনা জৰুৰী বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই প্রকাশ কৰিছে। বিজনী চহৰৰ উত্তৰ পূৱ সামৰিক বিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন ৰাষ্ট্ৰৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতৰ চহকী শৈক্ষিক ঐতিহ্যৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত ভাৰতৰ নিৰন্তৰ অৰিহনা সুনিশ্চিত কৰাৰ বাবে আধুনিক যুগত নতুন পদ্ধতিৰ উত্তৰণৰ আৱশ্যকতা আছে। তেওঁ কয় যে বর্তমান সময়ত দ্রুত পৰিৱৰ্তনশীল জ্ঞান প্রেক্ষাপটত শিক্ষা প্রদান ব্যৱস্থা প্ৰযুক্তিৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। শিক্ষাৰ জৰিয়তে কৌতুহল জগাই তুলিব পাৰিলেহে শিক্ষাৰ্থীসকলক দৈনন্দিন জীৱনত সৱল কৰি তুলিব পৰা যায় বুলি ৰাজপালগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়, বিটিআৰৰৰ পৰিষদীয় বিধানসভাৰ উপাধ্যক্ষ অভিৰাম মহানায়ক আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ লগতে ভালেসংখ্যক বিশিষ্টি ব্যক্তি উপস্থিত থাকে।
Site Admin | August 2, 2025 10:11 PM | bijni governor
বিজনীৰ উত্তৰ-পূব সামৰিক বিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন মুকলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ
