August 2, 2025 10:11 PM

views 13

বিজনীৰ উত্তৰ-পূব সামৰিক বিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন মুকলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ

পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খাব পৰা এখন ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নৈতিক প্ৰমূল্যৰ সৈতে সংযুক্ত শক্তিশালী শিক্ষা ব্যৱস্থা আৰু ৰাষ্ট্ৰক লৈ গৌৰৱৰ ভাৱনা জৰুৰী বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই প্রকাশ কৰিছে। বিজনী চহৰৰ উত্তৰ পূৱ সামৰিক বিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন ৰাষ্ট্ৰৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতৰ চহকী শৈক্ষিক ঐতিহ্যৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত ভাৰতৰ নিৰন্তৰ অৰিহনা সুনিশ্চিত কৰাৰ বা...