বিচিচিআয়ে চলিত বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আয়ে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে খেলুৱৈ, প্ৰশিক্ষককে ধৰি পুৰুষ দলৰ খেলুৱৈ নিৰ্বাচন সমিতিৰ সদস্য তথা আন সহযোগীসকলক এনেদৰে সন্মানিত কৰা হৈছে বুলি বি চি চি আয়ে প্রকাশ কৰিছে। উল্লেখযোগ্য যে চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা ৯ মাৰ্চত ডুমাইত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে এই নগদ পুৰস্কাৰ সন্দৰ্ভত কয় যে একেৰাহে এটাৰ পাছত আনটো আই চি চি চেম্পিয়নৰ খিতাপ দখল কৰাটো এটা বিশেষ অনুভৱ আৰু এই পুৰস্কাৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ একাগ্ৰতা আৰু পাৰদৰ্শিতাক সন্মান জনোৱা হৈছে। বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাইও দলটোক প্ৰশংসা কৰি কয় যে ভাৰতীয় ক্রিকেট দল দক্ষতা আৰু জয়ৰ মানসিকতাৰ শক্তিশালী ভেঁটিৰ আধাৰত গঠন হৈছে।