বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছেঃ ড° জীতেন্দ্ৰ সিং

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিগত এঘাৰ বছৰত বৈজ্ঞানিক সাফল্য সন্দৰ্ভত এখন সংবাদমেলত ভাষণ দি ড° সিঙে কয় যে ২০১৪ চনত দেশত কেৱল ৫০ টা জৈৱ প্ৰযুক্তি ষ্টার্টআপ আছিল যিটো বৰ্তমান সময়ত ১০ হাজাৰতকৈও অধিক বৃদ্ধি পাইছে। ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ ধাৰণাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ বাবে জৈৱ বিচিত্ৰতাক অন্যতম গুৰুত্বপূৰ্ণ সম্পদ বুলি অভিহিত কৰে। ড° সিঙে তেওঁৰ ভাষণত নৱভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত বিজ্ঞান, উদ্ভাৱন আৰু সংস্কাৰমূলক প্ৰশাসনৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয়, যে ভাৰত বিশ্বৰ দশম সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা চতুর্থ স্থানলৈ অগ্ৰগতি লাভ কৰিছে। দেশক শীর্ষস্থানত উপনীত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাটো তেওঁৰ বিভাগৰ দায়িত্ব বুলিও শ্রীসিঙে উল্লেখ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।