বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ ১৫ বছৰীয়া খেলুৱৈ খুছীয়ে কুৰাচত কালি ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ বাবে পদক লাভৰ সূচনা কৰে। ছোৱালীৰ ৭০ কিলোগ্রাম ওজন শাখাত অংশ লৈ খুছীয়ে ছেমি ফাইনেলত উজবেকিস্তানৰ ডি টৰ্চন’ভাৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। কুৰাচ হৈছে উজবেকিস্তানৰ ভূমিত উত্থান হোৱা এক মল্লযুঁজ আৰু ই বিশ্বৰ সমৰকলাসমূহৰ অন্যতম। এই কুৰাচৰ প্ৰায় ৩,৫০০ বছৰজোৰা ইতিহাস আছে।
Site Admin | October 20, 2025 11:39 AM | Asian Youth Games Bahrain 2025
বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ খুছীৰ কুৰাচত ব্ৰঞ্জৰ পদক লাভ