October 24, 2025 6:21 PM

views 90

এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল’ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ প্রতিযোগিতাত ভাৰতে ১৮ অনুর্ধ ল'ৰাৰ আৰু ছোৱালীৰ দলত স্বর্ণ পদক লাভ কৰে। ছোৱালীৰ দলটোৱে ফাইনেলত ইৰাণক ৭৫ ২১ পৰাস্ত কৰে। নেহা পেটেলে ২৮ পইণ্ট সংগ্ৰহ কৰে। একেদৰে ল'ৰাৰ দলটোৱে ফাইনেলত ইৰাণক ৩৫-৩২ ত পৰাস্ত কৰে। এই দুটা স্বর্ণ পদক বিজয়ৰে ভাৰতে পদক তালিকাৰ শীৰ্ষলৈ নিজক উন্নীত কৰিবলৈ সমৰ্থ হৈছে।

October 20, 2025 11:39 AM

views 58

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ খুছীৰ কুৰাচত ব্ৰঞ্জৰ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ ১৫ বছৰীয়া খেলুৱৈ খুছীয়ে কুৰাচত কালি ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ বাবে পদক লাভৰ সূচনা কৰে। ছোৱালীৰ ৭০ কিলোগ্রাম ওজন শাখাত অংশ লৈ খুছীয়ে ছেমি ফাইনেলত উজবেকিস্তানৰ ডি টৰ্চন’ভাৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। কুৰাচ হৈছে উজবেকিস্তানৰ ভূমিত উত্থান হোৱা এক মল্লযুঁজ আৰু ই বিশ্বৰ সমৰকলাসমূহৰ অন্যতম। এই কুৰাচৰ প্ৰায় ৩,৫০০ বছৰজোৰা ইতিহাস আছে।