ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ এই সময়ছোৱাত প্রধানমন্ত্ৰীক বায়ু সেনাৰ মুৰববীগৰাকীয়ে সাক্ষাৎ কৰা কাৰ্যই তাৎপর্য বহন কৰিছে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই বৈঠকত দুয়োখন দেশে বর্তমান আঞ্চলিক তথা আন্তৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ প্ৰতিৰক্ষা সহযোগিতা সম্বন্ধেও আলোচনা হ’ব। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত দীৰ্ঘকালীন মিত্রতা অব্যাহত আছে।