September 7, 2025 11:16 AM

views 22

অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙৰ মন্তব্য

অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙে মন্তব্য কৰিছে। চেন্নাইত কালি বিষয়া প্রশিক্ষণ একাডেমীৰ দীক্ষান্ত সমাৰোহত ভাষণ দি বায়ুসেনাৰ মুৰববীগৰাকীয়ে নতুন বিষয়াসকলক ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ সময়ত একতাৰ মনোভাৱ বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানৰ জৰিয়তে ১৩০ গৰাকী পুৰুষ আৰু মহিলা বিষয়াক সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হয় ৷ বিষয়া প্রশিক্ষণ একাডেমীত মিত্ৰদেশৰ ৯ গৰাকী পুৰুষ আৰু ১২ গৰাকী মহিলাসহ মুঠ ...

May 4, 2025 8:21 PM

views 28

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ এই সময়ছোৱাত প্রধানমন্ত্ৰীক বায়ু সেনাৰ মুৰববীগৰাকীয়ে সাক্ষাৎ কৰা কাৰ্যই তাৎপর্য বহন কৰিছে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই বৈঠকত দুয়োখন দেশে বর্তমান আঞ্চলিক তথা আন...