ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান উচ্ছেদ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আজি শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান শীর্ষক এখন শিক্ষা প্রতিষ্ঠান উচ্ছেদ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই উচ্ছেদ অভিযান তদাৰক কৰে। শ্ৰীমল্লবৰুৱাই শিলসাঁকোক বৃহৎ জলাশয় হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে বুলি উল্লেখ কৰি কয়, যে অহা ৩০ মে’ত শিলসাঁকোত থকা সমবায় প্রতিষ্ঠানখন উচ্ছেদ কৰা হ’ব। পৰৱৰ্তী সময়ত ইয়াত থকা এখন হোটেল মেনেজমেন্ট প্রতিষ্ঠান, টেনিছ ক’ৰ্ট আৰু জিঞ্জাৰ নামৰ হোটেলখন উচ্ছেদ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে এই অনুষ্ঠান-প্রতিষ্ঠানসমূহ উচ্ছেদৰ পাছত খৰালি শিলসাঁকো বিলখন বহলকৈ খন্দাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ফলত গুৱাহাটী মহানগৰীত কৃত্রিম বানৰ সমস্যা যথেষ্ট লাঘৱ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।