May 20, 2025 7:18 PM

views 21

বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান উচ্ছেদ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আজি শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান শীর্ষক এখন শিক্ষা প্রতিষ্ঠান উচ্ছেদ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই উচ্ছেদ অভিযান তদাৰক কৰে। শ্ৰীমল্লবৰুৱাই শিলসাঁকোক বৃহৎ জলাশয় হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে বুলি উল্লেখ ক...