ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 15, 2024 7:10 PM | BadungDuppa

printer

বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ গোৱালপাৰা জিলাৰ ৰামপুৰত আৰম্ভ

গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ আজি আৰম্ভ হৈছে। বিশিষ্ট চিত্রশিল্পী ৰবীৰাম ব্ৰহ্মই পুৱা নাট সমাৰোহৰ শুভাৰম্ভ কৰে। আজি পুৱাৰ ভাগত দদান ৰজা নামৰ ৰাভা ভাষাৰ নাটখন পৰিবেশন কৰা হয়। তদুপৰি দিনৰ আঢ়ৈ বজাত বড়ো ভাষাৰ নাট মংলি মঞ্চস্থ কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকর্মী প্রয়াত শুক্রাচাৰ্য্য ৰাভাই আৰম্ভ কৰা বাদুংদুপ্পা কলাকেন্দ্রই বিগত ১৪ বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত থকা শ শ শালগছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট মঞ্চস্থ কৰি আহিছে। বনাঞ্চলৰ মাজত মঞ্চ তৈয়াৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশৰ মাজত কোনোধৰণৰ যান্ত্ৰিক শব্দ, বৈদ্যুতিক পোহৰ আদি অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত কৰা হয়। থলুৱা সা-সঁজুলি আৰু থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি লোক নাট্য সংস্কৃতিক ব্যতিক্ৰমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্যে বাদুংদুপ্পা কলাকেন্দ্ৰই আয়োজন কৰা এই নাট সমাৰোহত কাইলৈ আৰু পৰহিলৈ পশ্চিমবংগ আৰু চেন্নাইৰ নাট্য দলেও নাট পৰিবেশন কৰিব। কাইলৈ পুৱাৰ ভাগত তামিল ভাষাৰ নাট তিনধান চৰ্থীৰাম আৰু দিনৰ আঢ়ৈ বজাত কিষাণ ৰাজ নামৰ নাট দুখন মঞ্চস্থ কৰা হ’ব বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনাইছে।