December 15, 2025 6:27 PM

views 30

গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে চলিত বছৰৰ ‘আণ্ডাৰ দা শাল ট্রী’ নাট সমাৰোহ অনুষ্ঠিত হয়। প্রয়াত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত সম্পূর্ণ অভিনৱ শৈলীৰে প্ৰতিবছৰে শাল গছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সমাৰোহ অনুষ্ঠিত হয়। কৃত্রিম দৃশ্যসজ্জা, আলোকসজ্জা, আধুনিক বাদ্যযন্ত্ৰৰ অবিহনে পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এই নাট সমাৰোহ অনুষ্ঠিত হয়। বিগত ১৬ বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত শ শ শালগছৰ মাজৰ...

December 15, 2024 7:10 PM

views 16

বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ গোৱালপাৰা জিলাৰ ৰামপুৰত আৰম্ভ

গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ আজি আৰম্ভ হৈছে। বিশিষ্ট চিত্রশিল্পী ৰবীৰাম ব্ৰহ্মই পুৱা নাট সমাৰোহৰ শুভাৰম্ভ কৰে। আজি পুৱাৰ ভাগত দদান ৰজা নামৰ ৰাভা ভাষাৰ নাটখন পৰিবেশন কৰা হয়। তদুপৰি দিনৰ আঢ়ৈ বজাত বড়ো ভাষাৰ নাট মংলি মঞ্চস্থ কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকর্মী প্রয়াত শুক্রাচাৰ্য্য ৰাভাই আৰম্ভ কৰা বাদুংদুপ্পা কলাকেন্দ্রই বিগত ১৪ বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত থকা শ শ শালগছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰ ৰূপ দি দি...

December 6, 2024 10:48 AM

views 28

বাদুংদুপ্পা কলা কেন্দ্রত পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪

বাদুংদুপ্পা কলা কেন্দ্রই পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪-ৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মুক্ত আকাশৰ শালগছৰ তলত মাটিৰ মজিয়াত মঞ্চ, দৰ্শকৰ বাবে বাঁহেৰে গেলাৰী সাজি নাট প্ৰদৰ্শন কৰা বাদুংদুপ্পা কলা কেন্দ্ৰই ব্যতিক্রমী নাট ধাৰাৰ সৃষ্টি কৰি বিশেষ পৰিচিতি লাভ কৰিছে। ১৫ ডিচেম্বৰৰ পুৱা নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত দদান ৰাজা নামৰ নাটখন মঞ্চস্থ হ'ব। সেইদিনাই মংলি...