বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল’বলৈ ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ সন্মতি প্রকাশ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল’বলৈ সন্মতি প্রকাশ কৰিছে। আবুধাবিত অনুষ্ঠিত বাণিজ্য দূতাবাস পৰিক্ৰমাৰ ভাৰত-ইউ এ ই যুটীয়া সমিতিৰ ষষ্ঠ বৈঠকত আজি দুয়োপক্ষই দুয়োখন দেশতে বাস কৰা প্ৰবাসী লোকসকলৰ সুৰক্ষা, মর্যাদা আৰু সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিজৰ প্রতিশ্রুতিবদ্ধতাৰ কথা দোহাৰে। বৈঠকত ভাৰতীয় প্রতিনিধিসকলক বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সচিব অৰুণ কুমাৰ চেটার্জীয়ে নেতৃত্ব দিয়ে। মন্ত্রালয়ে এই সন্দর্ভত কয় যে দুয়োখন দেশে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ দৰ্শনেৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ভাৰতে ইউ এ ইত বাস কৰা বৃহৎ সংখ্যক ভাৰতীয় সমুদায়ৰ লোকৰ কল্যাণৰ বাবে দেশখনৰ নেতৃত্ব তথা কর্তৃপক্ষই আগবঢ়োৱা সমর্থনৰ শলাগ লয়। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই সমর্থনে বিশেষ ভূমিকা পালন কৰিছে বুলি মন্ত্রালয়ে প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।