ভাৰত বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে বুলি পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাড়কাৰিয়ে প্ৰকাশ কৰিছে। বিটুমিন হৈছে খাৰুৱা তেলৰ পৰা বিভাজন কৰি প্ৰস্তুত কৰা হাইড্ৰ’কাৰ্বনৰ ক’লা ৰঙৰ ডাঠ মিশ্রণ, যাক পথ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। নতুন দিল্লীত আজি বৈজ্ঞানিক আৰু ঔদ্যোগিক অনুসন্ধান পৰিষদ, চি এছ আই আৰ প্ৰযুক্তি হস্তান্তৰ সমাৰোহত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চি এছ আই আৰক এই ঐতিহাসিক মাইলৰ খুঁটিৰ বাবে অভিনন্দন জনায়। শ্ৰীগাডকাৰীয়ে কয় যে এই পদক্ষেপে শস্যৰ অৱশিষ্ট জ্বলোৱাৰ পাছত হোৱা প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব। তেওঁ লগতে জৈৱ-বিটুমিনক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ দিশত এটা ৰূপান্তৰমূলক পদক্ষেপ বুলি উল্লেখ কৰে। অনুষ্ঠানত ভাষণ দি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কয় যে এই সফলতা প্রাপ্তিৰ জৰিয়তে ভাৰতে স্বচ্ছ আৰু সেউজ ঘাইপথৰ নতুন যুগত প্ৰবেশ কৰিলে। তেওঁ লগতে কয় যে এই পদক্ষেপে আৱৰ্জনাৰ পৰা সম্পদলৈ অভিযানত সমৰ্থন আগবঢ়োৱাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য প্রাপ্তিত অৰিহণা যোগাব ।
Site Admin | January 7, 2026 10:01 PM | Nitin Gadkari
বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত ভাৰত