ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 24, 2024 10:35 AM | Aswini Baisnav

printer

বাজেটত ৰে’ল বিভাগত আবণ্টন দিয়া পুঁজি ঐতিহাসিক : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বাজেটত ৰে’ল বিভাগৰ বাবে আবণ্টন দিয়া পুঁজিক ঐতিহাসিক বুলি অভিহিত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী বৈষ্ণৱে কয় যে ৰে’লৱেৰ বাবে বাজেটত দুই লাখ ৬২ হাজাৰ ২০০ কোটি টকাৰ আৱন্টন দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা ৰে’ল বিভাগে বৃহৎ উত্থান লাভ কৰিব। তেঁও লগতে কয় যে বাজেটত এক লাখ ৮ হাজাৰ কোটি টকা সুৰক্ষা সম্পৰ্কীয় কাম-কাজৰ বাবে ধাৰ্য কৰা হৈছে। ২০১৪ চনত এই পৰিমাণ মাত্র ৩৫ হাজাৰ কোটি টকা আছিল । তেওঁ লগতে কয় যে বাজেটত সুৰক্ষা, সামর্থ্য বিকাশ আৰু ৰে’লৱেৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিয়োগ সন্দৰ্ভত কয় যে ইউ পি এৰ দহ বছৰীয়া শাসনকালত মাত্ৰ চাৰি লাখ ১১ হাজাৰ নিযুক্তি দিয়াৰ বিপৰীতে মোডী চৰকাৰৰ ১০ বছৰীয়া কাৰ্যকালত পাঁচ লাখৰো অধিক লোকক নিযুক্তি প্ৰদান কৰা হৈছে। বৈদ্যুতিন আৰু তথ্য যোগাযোগ প্রযুক্তি বিভাগৰ মন্ত্ৰী হিচাপে শ্ৰী বৈষ্ণৱে কয় যে শেহতীয়া দহ বছৰত দেশত মোবাইল উৎপাদন খণ্ডই বৃহৎ নিয়োগ সৃষ্টিকাৰী খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ডিজিটেল ইণ্ডিয়াই প্রযুক্তিক সহজলভ্য কৰি তুলিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই খণ্ডটোৰ ওপৰত আৰোপ কৰা শুল্কৰ পৰিমাণ যুক্তিসংগত কৰি তোলাৰ বাবে বিত্তমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।