ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ

মানকাচৰ আৰক্ষীয়ে আজি বাংলাদেশ সীমান্তৱৰ্ত্তী কুকুৰমাৰা চৰত অভিযান চলাই ৪ হাজাৰৰো অধিক য়াবা টেবলেট জব্দ কৰে। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিয়লি প্রায় ৫ বজাত কুকুৰমাৰাৰ নুৰ কালাম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই এই টেবলেটখিনি জব্দ কৰে। জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ মূল্য ১০ লাখৰো অধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।