বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ

বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰি হোৱাকৈ নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে এখন অধিসূচনা যোগে বাংলাদেশৰ পৰা ভাৰত হৈ নেপাল আৰু ভূটানলৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব বুলি স্পষ্ট কৰি দিছে। নতুন নিষেধাজ্ঞা অনুসৰি বাংলাদেশৰ পৰা কোনো ধৰণৰ ৰেডিমেড বস্ত্ৰৰ আমদানিত ভাৰতীয় ভূ-বন্দৰৰ মাধ্যমেৰে কৰিব পৰা নাযাব। অৱশ্যে ন্হাৱা শ্বেৱা আৰু কলকাতাৰ সামুদ্রিক বন্দৰেৰে এই সামগ্ৰীসমূহ আমদানি কৰিব পৰা যাব। ইয়াৰ উপৰি ফলমূল, ফলৰ সোৱাদযুক্ত আৰু কাৰ্বনিক এচিডৰ লৱনযুক্ত পানীয়, প্ৰসংস্কাৰিত খাদ্য-সামগ্ৰী, কঁপাহ আৰু কঁপাহী সূতাৰ অৱশিষ্ট, প্লাষ্টিক আৰু পি ভি চিৰে নিৰ্মাণ কৰা সামগ্ৰী আৰু কাঠৰ আচবাবৰ আমদানীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্রযোজ্য হ’ব। এই সামগ্ৰীসমূহ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামৰ যিকোনো ভূ-সীমা শুল্ক কেন্দ্ৰ অথবা সংহত পহৰা চকীৰ লগতে পশ্চিমবংগৰ সংগৰ বান্ধ আৰু ফুলবাৰী পহৰা চকী হৈ আমদানিৰ অনুমতি প্ৰদান কৰা হ’ব। বাংলাদেশৰ পৰা মাছ, খোৱাতেল, ৰন্ধনগেছ আৰু শিলৰ আমদানিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।