বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ মৃত্যুদণ্ডৰে দণ্ডিত

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক আজি বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। তেওঁৰ সৈতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্রী আছাদুজ্জামানকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। ঢাকা আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক আল মানুনক একেটা গোচৰতে পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

আজি ঢাকাৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ ন্যায়াধীশ গোলাম মটুজা মজুমদাৰ, ন্যায়াধীশ ছফিউল আলম মাহমুদ আৰু ন্যায়াধীশ এম এইছ এ চৌধুৰীৰ আদালতে এই ৰায়দান কৰাৰ সময়ত আদালতত উপস্থিত জনতাই হর্ষধবনিৰে এই ৰায়ৰ আদৰণি জনায়। শ্বেইখ হাছিনাৰ বিৰুদ্ধে উত্থাপিত যোৱা বছৰৰ জুন-জুলাই মাহৰ গণ আন্দোলনকাৰীসকলক হত্যাৰ নিৰ্দেশ দিয়া, বিক্ষোভকাৰী ছাত্ৰ আবু ছাঈদক হত্যাৰ নিৰ্দেশ দিয়া আৰু উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগ প্রমাণিত হয় আৰু আদালতে শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামানৰ সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়ে। অৱশ্যে শ্বেইখ হাছিনাই বৰ্তমান ভাৰতত আশ্রয় গ্ৰহণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত আজিৰ এই ৰায় কূটনৈতিক ব্যৱস্থাৰে ভাৰত চৰকাৰলৈ প্ৰেৰণৰ সম্ভাৱনা আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। আজিৰ এই ৰায়দানৰ পূৰ্বে দেশখনৰ ৰাজধানী ঢাকা মহানগৰীকে ধৰি সমগ্ৰ দেশতে ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় যদিও আজি ঢাকাৰ বিভিন্ন অঞ্চলত বিক্ষোভকাৰীয়ে গাড়ী, বাছ, এম্বুলেঞ্চ আদিত অগ্নিসংযোগ কৰাৰ লগতে মহানগৰীৰ বিভিন্ন ঠাইত বিস্ফোৰণ সংঘটিত হয়।