November 17, 2025 7:27 PM

views 29

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ মৃত্যুদণ্ডৰে দণ্ডিত

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক আজি বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। তেওঁৰ সৈতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্রী আছাদুজ্জামানকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। ঢাকা আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক আল মানুনক একেটা গোচৰতে পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আজি ঢাকাৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ ন্যায়াধীশ গোলাম মটুজা মজুমদাৰ, ন্যায়াধীশ ছফিউল আলম মাহমুদ আৰু ন্যায়াধীশ এম এইছ এ চৌধুৰীৰ আদালতে এই ৰায়দান কৰাৰ সময়ত আদালতত উপস্থিত জনতাই হর্ষধবনিৰে এই ৰায়ৰ আদৰণি ...

November 18, 2024 8:31 PM

views 13

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাচিনা, আন ৪৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে থকা গোচৰৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিলৰ নিৰ্দেশ

বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধীকৰণে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাচিনা আৰু আন ৪৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ সন্দৰ্ভত এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। বৈষম্য বিৰোধী ছাত্র আন্দোলনৰ সময়ছোৱাত গণহত্যাত জড়িত থকা আৰু মানৱতা বিৰোধী কাৰ্যকলাপৰ অভিযোগ সন্দৰ্ভত ন্যায়াধীশ গোলাম মটুজা মজুমদাৰে দেশখনৰ তদন্তকাৰী সংস্থাক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়াৰ লগতে বৰ্তমান দেশ এৰি পলায়ন কৰা শ্বেখ হাছিনাকে ধৰি আন সকলো অভিযুক্ত সন্দৰ্ভত আদালতত শপতনামা দাখিল ...