ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্রীৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্রী আছাদ উদজামান খান কামালৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। যোৱা বছৰৰ জুলাই-আগষ্ট মাহৰ গণবিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দুয়োগৰাকী নেতাৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছিল। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ গোলাম মার্তুজাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শ্বেইখ হাছিনা, আছাদ উদজামানৰ লগতে প্রাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুলা অল মানুমলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। ন্যায়াধীকৰণে সংশ্লিষ্ট কৰ্তৃপক্ষক তিনিওগৰাকী ব্যক্তিকে ১৬ জুনত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে দেশখনত জুলাই মাহত সংঘটিত হোৱা গণহত্যাৰ বাবে শ্বেইখ হাছিনাক মূল অভিযুক্ত হিচাপে বিবেচনা কৰি অভিযোগনামা দাখিল কৰিছিল। যোৱা ১২ মে’ত দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ তদন্তকাৰী সংস্থাই এই অভিযোগনামা দাখিল কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণত দুটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।