June 1, 2025 8:05 PM

views 37

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্রীৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু প্ৰাক্তন গৃহমন্ত্রী আছাদ উদজামান খান কামালৰ বিৰুদ্ধে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। যোৱা বছৰৰ জুলাই-আগষ্ট মাহৰ গণবিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত দুয়োগৰাকী নেতাৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছিল। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ গোলাম মার্তুজাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে শ্বেইখ হাছিনা, আছাদ উদজামানৰ লগতে প্রাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুলা ...

July 21, 2024 8:19 PM

views 34

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ চৰকাৰী চাকৰিত থকা অধিকাংশ সংৰক্ষণ বাতিলৰ নিৰ্দেশ

বাংলাদেশ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিত থকা অধিকাংশ সংৰক্ষণ বাতিল কৰে। উল্লেখযোগ্য যে, সংৰক্ষণ বিষয়ক লৈ আৰক্ষী আৰু বিশ্ব বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত দেশজুৰি হোৱা সংঘৰ্ষত ১০০ গৰাকীতকৈ অধিক লোক নিহত হয়। দেশখনৰ উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ অনুযায়ী এতিয়াৰ পৰা ১৯৭১ চনৰ যুদ্ধৰ সৈনিকসকলৰ সম্পৰ্কীয় লোকৰ বাবে পূৰ্বৰ ৩০ শতাংশৰ স্থানত ৫ শতাংশ অসামৰিক সেৱাৰ চাকৰি সংৰক্ষিত থাকিব। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সংৰক্ষণ ব্যৱস্থাক বৈষম্যমূলক আখ্যা দি এই ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। ২০১৮ ...