ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 18, 2024 8:31 PM | Seikh Hasina

printer

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাচিনা, আন ৪৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে থকা গোচৰৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিলৰ নিৰ্দেশ

বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধীকৰণে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাচিনা আৰু আন ৪৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ সন্দৰ্ভত এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। বৈষম্য বিৰোধী ছাত্র আন্দোলনৰ সময়ছোৱাত গণহত্যাত জড়িত থকা আৰু মানৱতা বিৰোধী কাৰ্যকলাপৰ অভিযোগ সন্দৰ্ভত ন্যায়াধীশ গোলাম মটুজা মজুমদাৰে দেশখনৰ তদন্তকাৰী সংস্থাক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়াৰ লগতে বৰ্তমান দেশ এৰি পলায়ন কৰা শ্বেখ হাছিনাকে ধৰি আন সকলো অভিযুক্ত সন্দৰ্ভত আদালতত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ আগতে আজি পুৱাৰ ভাগত পূৰ্বৰ আৱামী লীগ চৰকাৰৰ ৯গৰাকী মন্ত্রীসহ ১৩ গৰাকী অভিযুক্তক বৈষম্য বিৰোধী আন্দোলনৰ সময়ছোৱাত হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ সম্পৰ্কীয় গোচৰত আদালতত হাজিৰ কৰোৱা হয়।