November 14, 2025 10:02 PM | dhaka archery

printer

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ তিনিটা সোণৰ পদক লাভ

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ প্রতিযোগিতাত আজি ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰেকৰ্ভ শাখাত দুটা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত এটা সোণৰ পদক লাভ কৰিছে। দেশৰ আৰ্চাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ভাৰতৰ অংকিতা ভাকটে কোৰিয়াৰ সুহিয়োন নামক ৭-৩ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ স্বৰ্ণ পদক লাভ কৰে। একেদৰে ভাৰতৰ ধীৰাজ বোম্মাদেৱৰাই ৰাহুলক ৬-২ পইন্টত পৰাস্ত কৰি পুৰুষৰ ৰিকাৰ্ভ ব্যক্তিগত শাখাৰ সোণৰ পদক লাভ কৰে। আৰ্চাৰী সংস্থাই প্ৰকাশ কৰা মতে ধীৰাজ হৈছে এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ ধনুর্বিদ। দলীয় শাখাত ভাৰতৰ যশদীপ ভোগে, অতনু দাস আৰু ৰাহুলৰ দলটোৱে কোৰিয়াৰ বিৰুদ্ধে ৫-৪ পইন্টত জয়লাভ সোণৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে কালিৰ কম্পাউণ্ড শাখাত ভাৰতে ইতিমধ্যে তিনিটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰিছিল। আজিৰ এই বিজয়ৰ সৈতে ভাৰতৰ পদকৰ সংখ্যা ৬টা সোণ আৰু তিনিটা ৰূপৰ পদকলৈ বৃদ্ধি পাইছে। আৰ্চাৰী সংস্থাই খেলুৱৈসকলক তেওঁলোকৰ একাগ্ৰতা, অনুশাসন আৰু চাপৰ মাজতো সুস্থিৰ হৈ খেলাৰ বাবে প্ৰশংসা কৰাৰ লগতে এই প্রদর্শনক দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলিও অভিহিত কৰিছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।