November 14, 2025 10:02 PM

views 29

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ তিনিটা সোণৰ পদক লাভ

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ প্রতিযোগিতাত আজি ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰেকৰ্ভ শাখাত দুটা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত এটা সোণৰ পদক লাভ কৰিছে। দেশৰ আৰ্চাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ভাৰতৰ অংকিতা ভাকটে কোৰিয়াৰ সুহিয়োন নামক ৭-৩ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ স্বৰ্ণ পদক লাভ কৰে। একেদৰে ভাৰতৰ ধীৰাজ বোম্মাদেৱৰাই ৰাহুলক ৬-২ পইন্ট...