ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানৰ পদত্যাগ

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰিছে। মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়পালিকাৰ সংস্কাৰৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰিছে। বাংলাদেশৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা উপদেষ্টা প্ৰফেচাৰ আছিফ নজৰুলে সামাজিক মাধ্যম যোগে আইন মন্ত্ৰ্যালয়ে মুখ্য ন্যায়াধীশগৰকাৰী পদত্যাগ পত্ৰ লাভ কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে পদত্যাগ পত্ৰখন প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে ততালিকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে। ইয়াৰ পূৰ্বে শ্ৰীহাছানে মুখ্য ন্যায়াধীশৰ পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। বিদ্যার্থী, অধিবক্তা আৰু অন্যান্যসকলে দিনৰ ১ বজাৰ ভিতৰত মুখ্য ন্যায়াধীশ আৰু ন্যায়ধীশসকলৰ পদত্যাগৰ দাবীত উচ্চতম ন্যায়ালয়ৰ চৌহদত কালি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।