August 11, 2024 11:48 AM

views 26

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানৰ পদত্যাগ

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰিছে। মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়পালিকাৰ সংস্কাৰৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰিছে। বাংলাদেশৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা উপদেষ্টা প্ৰফেচাৰ আছিফ নজৰুলে সামাজিক মাধ্যম যোগে আইন মন্ত্ৰ্যালয়ে মুখ্য ন্যায়াধীশগৰকাৰী পদত্যাগ পত্ৰ লাভ কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে পদত্যাগ পত্ৰখন প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে ততালিকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। ইয়াৰ পূৰ্বে শ্ৰীহাছানে মুখ্য ন্যায়াধী...

August 10, 2024 7:19 PM

views 30

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানৰ পদত্যাগৰ সিদ্ধান্ত

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ কেতবোৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱা পাছত ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ অৰ্পণ কৰিব। উচ্চতম ন্যায়ালয়ৰ চৌদহত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰত শ্ৰী হাছানে এই কথা প্ৰকাশ কৰে। প্ৰতিবাদত শিক্ষাৰ্থীসকলে আজি পুৱা অবেইদুল হাছান আৰু আপীল ন্যায়ালয়ৰ ন্যায়াধীশসকলক দিনৰ এক বজাৰ ভিতৰত পদত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিয়াৰ পাছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।