ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাংলাদেশে সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী

বাংলাদেশে নিজ দেশত সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী। লোকসভাত পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বাংলাদেশত সংখ্যালঘূসকলৰ ওপৰত হোৱা একাধিক আক্রমণ চিন্তাৰ বিষয় হৈ পৰিছে আৰু এই কথা ভাৰতে বাংলাদেশৰ কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰিছে। শেহতীয়াকৈ ভাৰতৰ বৈদেশিক সচিবে ঢাকা ভ্ৰমণ কৰা বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাংলাদেশত ভাৰতৰ উন্নয়নমূলক প্ৰকল্পৰ এটা ভাল ইতিহাস আছে বুলি মতামত প্রকাশ কৰি ড০ এছ জয়শষংকৰ বাংলাদেশত নতুন ব্যৱস্থাৰ জড়িয়তে পাৰস্পৰিকভাৱে লাভজনক আৰু সুস্থিৰ সম্পৰ্ক স্থাপন হোৱাৰ আশা প্ৰকাশ কৰে।