ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বহাগৰ পহিলা দিনটো পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন

বহাগৰ পহিলা দিনটোত আজি পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হৈছে। এই উপলক্ষে সমগ্র ৰাজ্যতে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশিস লৈছে। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়েও কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। শিৱসাগৰৰ ৰংঘৰৰ বাকৰিতো আজি ৰঙালী বিহুৰ বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। ঐতিহাসিক ৰংঘৰৰ বাকৰিত পৰম্পৰাগত খেল-ধেমালি আৰু বিহু-হুঁচৰি অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছে। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰত পুৱাৰে পৰাই পূজা-অৰ্চনা কৰিবলৈ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। পঞ্চতীর্থ হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ, কেদাৰ মন্দিৰতো বহু ভক্তই আশিস লৈছে। শুৱালকুছিৰ শ্ৰীহাতী সত্ৰতো পহিলা ব’হাগত ধর্মীয় নাম-প্ৰসংগ আয়োজন কৰা হৈছে।

মৰাণ স্বয়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ অবশজ্যোতি মৰাণে ৰাইজলৈ বিহুৰ ওলগ জনাইছে। পাৰিষদগৰাকীয়ে বিভিন্ন জাতি-জনজাতিৰ মিলনভূমি অসমত শান্তি-সম্প্রীতি আৰু একতাৰ এনাজৰী সুদৃঢ় হোৱাৰ কামনা কবে। শ্রী মৰাণে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। মানুহ বিহু উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ মঠ-মন্দিৰ, নামঘৰত সেৱা ল’বলৈ জনসাধাৰণৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত পুৱাৰে পৰা জনসাধাৰণৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আজিৰে পৰা জিলাখনৰ বিভিন্ন স্থানত মুকলি বিহু আৰু মঞ্চ বিহু অনুষ্ঠিত কৰা হৈছে।